সাৱধান! বতৰে সলাইছে কালৰূপ !

ধাৰাষাৰ বৰষুণৰ মাজতে ৰাজ্যত বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি। ৰাজ্যত আগন্তুক ২৪ ঘন্টাত বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট । বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি শেহতিয়াকৈ আগন্তুক ২৪ ঘন্টাত বতৰে ৰূদ্ৰৰূপ ধাৰণ কৰিব বুলি সতৰ্কবাণী জাৰি কৰিছে।ইটোৰ পাছত সিটো প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্যত। বজ্ৰপাত পৰি ৰাজ্যৰ কেইবাটাও স্থানত শোকাৱহ ঘটনা সংঘটিত হৈছে । বজ্ৰ পৰি বাক্সাৰ চুণবাৰী গাঁৱত এজন লোক নিহত আৰু ২ জন লোক আহত হৈছে। আনহাতে ধেমাজী, বৰপেটা, ঢেকিয়াজুলিটো বজ্ৰপাত পৰি কেইবাগৰাকী লোক আহত আৰু নিহত বুলি জনিব পৰা গৈছে।
হোলীৰ আনন্দ উল্লাসৰ মাজতে কেইবাটাও বাসগৃহত এতিয়া কান্দোনৰ ৰোল। যোৰহাটতো সংঘটিত হয় কেইবাটাও দুখজনক ঘটনা।
দুটা স্থানত অগ্নিকাণ্ডৰ লগতে এজন মেধাৱী ছাত্ৰৰ সলিল সমাধি ঘটে। ইয়াৰ মাজতে কালি নিশাৰে পৰা অহা বতাহ-ধুমুহাত বজ্ৰ পৰি উত্তৰ পশ্চিম যোৰহাটৰ ২ নং সোনাৰী গাঁৱৰ এঘৰ লোকৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জাহ যায়।সমান্তৰালকৈ ভদ্ৰ বৰা নামৰ ৰাজ মিস্ত্ৰী এজনৰ ঘৰৰ সকলো সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে একাংশ পশুধন মৃত্যুমুখত পৰে ।
প্ৰকৃতিৰ এই ৰূদ্ৰ ৰূপত ৰাজ্যবাসী ভীতিগ্ৰস্ত হৈ পৰিছে। আগন্তুক ২৪ ঘন্টাত বাবে সাৱধানবানী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।
তাৰ সমান্তৰালকৈ ধাৰাষাৰ বৰষুণ আৰু প্ৰবল ব্ৰজপাত লগতে বৰদৈচিলায়ো জোকাৰিব ৰাজ্য। প্ৰতিঘণ্টাত ৩০-৪০ কিঃমিঃ বেগেৰে
ধুমুহাৰ আগজাননী। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যতো ইয়েল্ল এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ।

You might also like
Leave A Reply

Your email address will not be published.