সুৰাপায়ী সকলৰ বাবে দুঃখবৰ! ৰাজ্য পুনৰ বৃদ্ধি সুৰাৰ দাম

ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম

ৰাজ্যত পুনৰ বিলাতী সুৰাৰ মূল্যবৃদ্ধি। ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম। আপুনিও যদি সুৰা সেৱন কৰে তেন্তে আপোনাৰ বাবে এটা দুঃখবৰ । কাৰণ ১ এপ্ৰিলৰ পৰা ৰাজ্যত ৭৫০ মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি পাব ১৫০ৰ পৰা ৩১২টকালৈ।

চাওক আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ মূল্যৰ তালিকাঃ

জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ।

ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ।

লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৭৫ টকাকৈ।

এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ২২৫ টকাকৈ।

প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ৩১২টকাকৈ।

৭৫০ মিলি লিটাৰৰ বিয়েৰত বৃদ্ধি পাব ১৬ টকাকৈ।

You might also like
Leave A Reply

Your email address will not be published.