সীমান্ত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা!

সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ এক বৃহৎ সফলতা। সীমান্ত সুৰক্ষা বাহিনীয়ে ৰাজস্থানৰ শ্ৰীগংগানগৰত গুলীয়াই হত্যা কৰে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক।জানিব পৰা মতে, ৰাজস্থানৰ শ্ৰীগংগানগৰত অনুপগড়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা চলাইছিল অনুপ্ৰৱেশকাৰীয়ে।
২৭২ নম্বৰৰ ছেৰপুৰ আউটপোষ্টৰ সমীপত বিএছএফৰ জোৱানে গুলীয়াই হত্যা কৰে পাকিস্তানী অনুপ্ৰৱেশকাৰীটোক। একাধিক সতৰ্কবাণী দিয়াৰ পিছতো আত্মসমৰ্পণ নকৰাত বি এছ এফৰ জোৱানে অনুপ্ৰৱেশকাৰীটোক লক্ষ কৰি গুলীচালনা কৰে ।অপাৰেচনৰ পিছতে বিএছএফৰ ডিআইজি আৰু উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইফালে অনুপ্ৰৱেশকাৰীৰ মৃতদেহটো অনুপগড় আৰক্ষীক গতাই দিয়া হৈছে বুলি বি এছ এফৰ সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.