১৫ বছৰীয়া নাবালিকা পত্নীক নৃশংস হত্যা!

নেচনেল ডেস্ক:

নৃশংসতাৰ সকলো সীমা চেৰাই যোৱা এক শিহৰণকাৰী ঘটনা! ১৫ বছৰীয়া নাবালিকা পত্নীক হত্যা কৰি দুটুকুৰা কৰাৰ অভিযোগ পাষণ্ড স্বামীৰ বিৰুদ্ধে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ আগৰতলাত।

জানিব পৰা মতে, মৃত কিশোৰী গৰাকী প্ৰায় ৮ মাহ পূৰ্বে পাষণ্ড স্বামী কায়েম মিঞাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। হত্যাৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃয়ে শুকুৰবাৰে কায়েম মিঞাৰ বাসগৃহত উপস্থিত হৈ তেজ প্ৰত্যক্ষ কৰে। কিন্তু জী-জোৱায়েকক দেখা নাপাই কিশোৰী গৰাকীৰ মাতৃয়ে ততাতৈয়াকৈ থানাত দাখিল কৰে এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই আটক কৰে অভিযুক্ত কায়েমক। জেৰাৰ সময়ত কায়েমে জনাই যে তেওঁ বৃহস্পতিবাৰে নিশা পত্নীক হত্যা কৰি শৰীৰৰ অংগবোৰ মোনাত ভৰাই জংঘলত পেলাই দিয়ে। অভিযুক্ত কায়েমৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুখন মোনাত উদ্ধাৰ কৰে কিশোৰী গৰাকীৰ মৃতদেহৰ অংগ। মৃতকৰ মূৰটো এটা মোনাত আৰু শৰীৰৰ বাকী অংশ আন এখন মোনাত উদ্ধাৰ হয়।।

You might also like
Leave A Reply

Your email address will not be published.