নিউজ ডেস্ক:

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিব জ্যেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰক অব্যাহতি। মুকুল কাথাৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৰুৱা হিংসাৰ অভিযোগ । KAACৰ সচিব পদত অধিষ্ঠিত হোৱাৰ লগতে পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল কাথাৰ। অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ সচিব যাদৱ শইকীয়াই এক জাননীৰ জৰিয়তে KAACৰ পৰা অব্যাহতি দিয়ে কাথাৰক।

উল্লেখ্য যে, ২২ এপ্ৰিলত জ্যেষ্ঠ এ চি এছ বিষয়াগৰাকীৰ বিৰুদ্ধে পত্নীৰ পৰিয়ালৰ লোকে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। লগতে তেওঁৰ পত্নীৰ মাতৃগৃহৰ ওচৰত বিষয়াগৰাকীয়ে শূন্যলৈ গুলীচালনা কৰাৰো অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল দুটা গোচৰ । জানিব পৰা মতে, গোচৰ দুটা তৰিছিল তেওঁৰ পত্নী লিণ্ডালী তেৰাংপি আৰু তেওঁৰ ভনীয়েকে।ইতিমধ্যে বিষয়াজনক পলাতক ঘোষণা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.