ৰাম মন্দিৰ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি!

ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ দুজন সন্দেহজনক অভিযুক্তক

নেচনেল ডেস্ক:

যোধ্যাৰ নিৰ্মীয়মান ৰাম মন্দিৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। STFৰ মুৰব্বী অমিতাভ য়শকো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান দুস্কৃতিকাৰীৰ। সামাজিক মাধ্যমযোগে এই ভাবুকি প্ৰদান কৰে দুস্কৃতিকাৰীয়ে। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ দুজন সন্দেহজনক অভিযুক্তক। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজন তাহাৰ সিং আৰু ওম প্ৰকাশ। উত্তৰ প্ৰদেশ STFএ গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক। ধৃত দুই অভিযুক্তৰ ঘৰ গোণ্ডাত বুলি জানিব পৰা গৈছে।

কাৰিকৰী বিশ্লেষণৰ জৰিয়তে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয় দুই অভিযুক্তক। তথ্য মতে, ভিভ’ টি-২ মোবাইল ফোন আৰু চেমচাং গেলেক্সি এ-৩ ব্যৱহাৰ কৰি ভাবুকিপূৰ্ণ ই-মেইল আইডি তৈয়াৰ কৰি ই-মেইল প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও ই-মেইল প্ৰেৰণ কৰা স্থানত থকা ৱাই-ফাই ৰাউটাৰ আৰু চিচিটিভি কেমেৰাৰ ডিভিআৰ (ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ)ও জব্দ কৰা হৈছে। ই-মেইল প্ৰেৰণ কৰাৰ পিছত ব্যৱহৃত মোবাইল ফোন দুটা ধ্বংস কৰা হৈছিল বুলি অভিযুক্তই স্বীকাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.