আজি ৪ জানুৱাৰী

➡️ম্যানমাৰৰ স্বাধীনতা দিবস।
➡️১৬০৪ ৰাজকুমাৰ ছেলিমৰ (পাছলৈ জাহাংগীৰ নামে খ্যাত) বিদ্রোহ ব্যর্থ; পিতৃ আকবৰৰ ওচৰত আত্মসমর্পণ।
➡️১৬৪৩ ইংৰাজ জ্যোতির্বিদ আৰু গণিতজ্ঞ ছাৰ আইজাক নিউটনৰ জন্ম। নিউটনৰ জন্মৰ পৰম্পৰাগত তাৰিখ ২৫ ছেপ্টেম্বৰ, ১৬৪২।
➡️১৮০৯ ফৰাচী অন্ধ গৱেষক তথা ব্রেইল পদ্ধতিৰ উদ্ভাৱক লুই ব্রেইলৰ জন্ম।
➡️১৮৮৪ ধৰ্মপ্ৰচাৰক, ভাৰতৰ জাতীয় চেতনাৰ অন্যতম উন্মেষক কেশৱ চন্দ্র সেনৰ মৃত্যু।
➡️১৯৩২ মহাত্মা গান্ধীৰ নেতৃত্বত দ্বিতীয় আইন অমান্য আন্দোলন আৰম্ভ, বহু নেতা গ্রেপ্তাৰ।
➡️১৯৪৮ ব্ৰহ্মদেশৰ (ম্যানমাৰ) স্বাধীনতা লাভ।
➡️১৯৫৮ স্পুটনিক-১ৰ বিনাশ।
➡️১৯৬০ ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দার্শনিক আলবেয়াৰ কেমুৰ মৃত্যু।
➡️১৯৬৫ মার্কিন কবি-সাহিত্যিক টি এছ ইলিয়টৰ মৃত্যু।
➡️১৯৬৬ ৰাছিয়াৰ তাছখণ্ডত ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনা আৰম্ভ। এই আলোচনাত অংশ লয় প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্রী আৰু পাকিস্তানৰ ৰাষ্ট্রপতি আয়ুব খানে।
➡️১৯৭২ নতুন দিল্লীত ‘ইনষ্টিটিউট অব ক্রিমিনোলজী এণ্ড ফৰেনছিক ছায়েন্স’ মুকলি।
➡️২০০৩ দ্বিতীয়টো মানর ক্ল’ন শিশুৰ জন্ম পোৱা বুলি ক্ল’নেইডৰ মুখপাত্র ব্রিক্টিই বইডলিইৰ ঘোষণা।
➡️২০০২ কাঠমাণ্ডুত ছার্ক শীর্ষ সম্মিলন আৰম্ভ।
➡️২০০৪ পাকিস্তানৰ ইছলামাবাদত ছার্ক শীর্ষ সম্মিলন আৰম্ভ।
➡️আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা ‘নাছাই প্ৰেৰণ কৰা মহাকাশযান স্পিৰিট ৰ’ভাৰৰ সফলতাৰে মঙ্গল গ্রহত পদার্পণ আৰু গ্ৰহটোৰ ছবি সংগ্রহ।
➡️২০০৫ প্রখ্যাত উৰিয়া সাহিত্যিক ৰাজেন্দ্ৰ কিশোৰ পাণ্ডালৈ সাহিত্য ভাৰতী বঁটা।
➡️ভবেন ৰায় পাটগিৰি আৰু বীণা ভাগৱতীলৈ ২০০৫ চনৰ ৰাজ্যিক শিল্পী বঁটা।
➡️২০০৬ ইণ্ডোনেছিয়াৰ জাভাত হোৱা প্রবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত ২৫০জন লোক জীৱন্তে সমাধিস্থ।
➡️অসম নাট্য সন্মিলনৰ টিহু অধিৱেশন আৰম্ভ।
➡️যোগগুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে তদন্তৰ নির্দেশ।
➡️ফিজিত ভূমিকম্প।
➡️কলকাতাত প্রিন্স অব্ ৱেল্ছৰ দ্বাৰা ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ আধাৰশিলা স্থাপন।

You might also like
Leave A Reply

Your email address will not be published.