পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই)ক অবৈধ সংগঠন ঘোষণা কেন্দ্ৰৰ। ভাৰত চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই) আৰু ইয়াৰ সহযোগী বা সংযুক্ত ফ্ৰণ্টসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অবৈধ সংগঠন হিচাপে ঘোষণা কৰি অধিসূচনা জাৰি কৰিছে। সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত পিএফআইৰ নেতাসকলৰ ওপৰত ব্যাপক অভিযানৰ পিছতে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰে। পিএফআই কেইবাটাও অপৰাধমূলক আৰু সন্ত্ৰাসবাদী গোচৰত জড়িত হৈ থকাৰ লগতে বাহিৰৰ পৰা ধন আৰু মতাদৰ্শগত সমৰ্থনেৰে দেশৰ সাংবিধানিক নীতিৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ অভিযোগত কেন্দ্ৰৰ এই সিদ্ধান্ত । লগতে ই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি এক ডাঙৰ ভাবুকি হৈ পৰিছে বুলি অধিসূচনা খনত উল্লেখ কৰা হৈছে।।
