জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। ইউৰোপৰ পৰা চলি থকা এটা বৃহৎ সন্ত্ৰাসবাদী মডিউল উৎখাত। জম্মুত পাকিস্তানৰ ফালৰ পৰা অহা ড্ৰ’নে নিক্ষেপ কৰা অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহ কৰা দুজন সদস্যক গ্ৰেপ্তাৰ । জম্মু-কাশ্মীৰৰ আৰ এছ পুৰাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাসপুৰ বাংলা অঞ্চলত ড্ৰ’নেৰে অস্ত্ৰ নিক্ষেপ কৰাৰ তদন্তত ডোডাৰ চন্দৰ বসু আৰু জম্মুৰ কেম্প গোলে গুজৰালৰ ছামশ্বেৰ সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত দুই অভিযুক্তৰ পৰা ৪টা পিষ্টল, ৮টা মেগজিন আৰু ৪৭ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। সোধা-পোছা কৰাৰ সময়ত দুই অভিযুক্তই সন্ত্ৰাসবাদী মডিউলৰ সমন্বয়কজন ইউৰোপত থকা বুলি জানিবলৈ দিয়ে।।
