ইণ্টাৰনেচনেল ডেস্ক:
মৰক্কোত ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৬৩২লৈ বৃদ্ধি।ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যত সংঘটিত হৈছিল প্ৰথমটো ভূমিকম্পটো। ১৯ মিনিট পিছতে পুনৰ ৪.৯ প্ৰাবল্যৰ আফটাৰশ্বক।
মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমত সংঘটিত হয় এই প্ৰলয়ংকাৰী ভূমিকম্প। ভূমিকম্পৰ অভিকেন্দ্ৰ হাই এটলাছ পৰ্বতমালাৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত।স্থানীয় সময় অনুসৰি নিশা ১১:১১ বজাত সংঘটিত হৈছিল প্ৰথমটো ভূমিকম্প। কেইবা শতাধিক আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ততাতৈয়াকৈ।খবৰ মতে, ভূমিকম্পত গৰিষ্ঠসংখ্যক ক্ষয়-ক্ষতি সংঘটিত হৈছে গ্ৰামাঞ্চলত । ক্ষয়-ক্ষতিৰ পৰিমান এতিয়াও জানিব পৰা হোৱা নাই বুলি চৰকাৰী সূত্ৰে প্ৰকাশ। মৰক্কোত ভূমিকম্পৰ ফলত কেইবা শতাধিক লোকৰ প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।।