আজি ধৰিত্ৰী দিৱস।
১৩৭০ চনত আজিৰ দিনটোতে পেৰিছত প্ৰসিদ্ধ বাস্তিল দুৰ্গৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।
১৬৬২ চনত ইংলেণ্ডৰ প্ৰসিদ্ধ ৰয়েল ছচাইটী প্ৰতিষ্ঠা কৰা হয়।
১৭২৪ চনত জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ জন্ম হয়।
১৮৭০ চনত ৰুছ বিপ্লৱৰ প্ৰধান হোতা তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ জন্মদাতা লেনিনৰ (সম্পূৰ্ণ নাম ভ্লাডিমিৰ ইলিছ উলিয়ানত লেলিন) জন্ম।
১৯০৪ চনত পাৰমাণৱিক বোমাৰ জনক, মাৰ্কিন পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট অ’পেনহেইমাৰৰ জন্ম।
১৯০৬ চনত আধুনিক অলিম্পিকৰ দহ বছৰ পূৰ্তি উপলক্ষে এথেন্সত বিশেষ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। এই অলিম্পিক ২ মে’লৈকে অনুষ্ঠিত হয়। আন্তজাৰ্তিক অলিম্পিক সমিতিয়ে অৱশ্যে এই অলিম্পিকক স্বীকৃতি দিয়া নাই।
১৯১৫ চনৰ ২২ এপ্ৰিলত সাহিত্যিক আৰু ৰাজনীতিবিদ হেম বৰুৱাৰ জন্ম হয়।
১৯১৬ চনত কুৰি শতিকাৰ বিৰল প্ৰতিভাদৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক ইহুদী মেনুহিনৰ জন্ম।
১৯৫৮ চনত ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান হিচাপে এডমিৰেল আৰ ডি কাটাৰীৰ কাৰ্যভাৰ গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেঁৱেই প্ৰথম ভাৰতীয়।
১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে আন্তজাৰ্তিক ধৰিত্ৰী দিৱস পালন কৰা হয়। তেতিয়াৰ পৰা এই দিনটোতে ধৰিত্ৰী দিৱস ৰূপে পালন কৰি অহা হৈছে।
১৯৭৭ চনত ছাইমন পেৰেৰা ইজৰাইলৰ প্ৰধান মন্ত্ৰী হয়।
১৯৯৬ চনত অসমৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু হয়। ডাঃ ভূমিধৰ বৰ্মনৰ অসমৰ ভাৰপ্ৰাপ্ত মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। সেই বছৰৰ ১৪ মে’ লৈকে তেওঁ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
২০০৫ চনত নতুন বাণিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ মাজত এফ্ৰো-এছিয়ান শীৰ্য সন্মিলন অনু্ষ্ঠিত হয়।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২২ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like