অভিনয়ৰ যাদুৰে মানুহৰ হৃদয় জয় কৰা প্ৰবীণ অভিনেতাগৰাকী

NEWS DESK :  আজি বলীউডৰ প্ৰবীণ অভিনেতা পৰেশ ৰাৱালৰ ওপজাদিন।

পৰেশ ৰাৱালে তেওঁৰ উৎকৃষ্ট অভিনয়ৰে সমগ্ৰ বিশ্বতে স্বীকৃতি অৰ্জন কৰিছে। অভিনয়ৰ যাদুৰে মানুহৰ হৃদয় জয় কৰা প্ৰবীণ অভিনেতাগৰাকী কেৱল বলীউডৰেই নহয়, মাৰাঠী ছবিৰো এগৰাকী প্ৰবীণ অভিনেতা লগতে পৰেশ ৰাৱালে গুজৰাটী, হিন্দী, তেলেগু, মাৰাঠী ছবিত কাম কৰি আহিছে আজি পৰেশ ৰাৱালে ৬৮ সংখ্যক জন্মদিন । ১৯৫৫ চনৰ ৩০ মে’ত অৰ্থাৎ আজি তাৰিখত মুম্বাইৰ এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰাৱালে । আজি বলিষ্ঠ অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে জানো আহক তেখেতৰ জীৱনৰ কিছু নজনা কথা।

 

মুম্বাইত জন্মগ্ৰহণ কৰা পৰেশ ৰাৱাল বলিষ্ঠ অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল যদিও তেওঁৰ উদ্দেশ্য আছিল চিভিল ইঞ্জিনিয়াৰ হোৱাৰ। তেখেতে অভিনয়ৰ লগতে বেংক অৱ বৰোদাতো কাম কৰিছিল। পৰেশ ৰাৱালে ১৯৮২ চনত গুজৰাটী ছবি ‘নছিব নি বলিহাৰী’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। পিচলৈ পৰেশ ৰাৱালে ১৯৮৪ চনত ‘হোলী’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ এই ছবিখনত পৰেশ ৰাৱালে সহযোগী অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছিল । একে সময়তে পৰেশ ৰাৱালে বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছিল ।

 

পৰেশ ৰাৱালে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত তেওঁ ছবি জগতত নিজৰ কেৰিয়াৰ বনাবলৈ চেষ্টা কৰে ৷ ১৯৮৫ চনত পৰেশ ৰাৱালে ৰাহুল ৰাৱেলৰ পৰিচালনাত নিৰ্মিত ‘অৰ্জুন’ ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনত পৰেশ ৰাৱালে হিৰোতকৈ ভিলেইনৰ চৰিত্ৰৰ পৰা অধিক চৰ্চা আৰু সমাদৰ লাভ কৰে । ইয়াৰ পিচতে ইটোৰ পিচত সিটো ছবিত অভিনয় কৰি এই উদ্যোগৰ তাৰকা হৈ পৰে অভিনেতাগৰাকী। পৰেশ ৰাৱালে সৰ্বাধিক খ্যাতি লাভ কৰিছিল ‘হেৰা ফেৰী’ ছবিখনৰ জৰিয়তে।

 

তেখেতে ১৯৮৭ চনত দাম্পত্য জীৱন নিজৰ বছৰ কন্যা স্বৰূপৰ লগত অতিবাহিত কৰে আৰু বৰ্তমান তেওঁলোকৰ দুটি সন্তান আছে।

You might also like
Leave A Reply

Your email address will not be published.