আজি ৩ জুন

আজি মন্টেনিগ্ৰোৰ স্বাধীনতা দিৱস।

১৬৫৭ চনত ইংৰাজ চিকিতস্যা-বিজ্ঞানী, ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কৰক উলিয়াম হাৰ্ভেৰ মৃত্যু।

১৯০১  চনত প্রথম ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা মাৰাঠী কবি জি শংকৰ কুৰুপৰ জন্ম।

১৯১৫  চনত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ ইংৰাজ চৰকাৰৰ ‘নাইট’ উপাধি।

১৯৪৬ চনত ভাৰতৰ জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলৰ ব্ৰিটিছে আগবঢ়োৱা ভাৰত বিভাজনৰ প্ৰস্তাৱত সম্মতি।

১৯৬৪ চনত ফিনলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ফ্রান্ডছ ইমিল ছিলানপাৰ মৃত্যু। তেওঁ ১৯৩৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

১৯৭২ চনত প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ ভাৰতত নির্মিত প্রথম আধুনিক ৰণতৰী ‘নীলগিৰি’ক ৰাষ্ট্ৰৰ উদ্দেশ্যে উছর্গা।

১৯৭৯ চনত সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মৃত্যু।

১৯৯৫ চনত মায়াবতী (বহুজন সমাজ পার্টী) উত্তৰ প্ৰদেশৰ নতুন মুখ্য মন্ত্রী।

১৯৯৯ চনত  ভাৰতীয় বিমান বাহিনীৰ ফ্লাইট লেফটেনেষ্ট কে নছিকেতাক পাকিস্তানত মুক্তি।

* (জম্মু আৰু কাশ্মীৰত ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধি)।

২০০৫ চনত  বড়োলেণ্ডৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনাৰে বি টি এ ডিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন ১১জনীয়া কাৰ্যবাহী পৰিষদ গঠন।

You might also like
Leave A Reply

Your email address will not be published.