আজি ৪ জুন

আন্তর্জাতিক শিশু নির্যাতনবিৰোধী দিৱস।

টোংগাৰ স্বাধীনতা দিৱস।

➡️১০৩৯ জার্মানীৰ সম্রাট দ্বিতীয় কনৰাডৰ মৃত্যু।

➡️১৯২০ অস্ট্রিয়া আৰু হাংগেৰীৰ মাজত ‘ট্রিয়ানন চুক্তি’ শীর্ষক এক চুক্তি সম্পাদিত। পৰিণতিত হাংগেৰীৰ মাটিকালি পূৰ্বৰ এক চতুর্থাংশহে ৰয়গৈ।

➡️১৯৪২ প্রশান্ত মহাসাগৰৰ মিডৱে’ দ্বীপত মিত্রশক্তি (ফ্রান্স, : ইংলেণ্ড আৰু ইংলেণ্ডৰ উপনিৱেশসমূহ) আৰু জাপানৰ মাজত নৌ-যুদ্ধ। এই যুদ্ধত মিত্রশক্তিয়ে জয়লাভ কৰে। দ্বিতীয় মহাসমৰৰ ই এক তাৎপর্যপূর্ণ ঘটনা। কিয়নো, এই যুদ্ধই পিছলৈ মহাসমৰৰ এক নিৰ্ণায়ক ভূমিকা লয়।

➡️১৯৫৫ ভাৰত আৰু ৰাছিয়াৰ (ছোভিয়েট) মাজত পোনপটীয়া টেলিফোন সংযোগ স্থাপন।

➡️১৯৭০ দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ টোংগাৰ স্বাধীনতা লাভ।

➡️১৯৭৮ ‘আৱাহন’ৰ সম্পাদক দীননাথ শৰ্মাৰ মৃত্যু।

➡️১৯৮৯ ইৰানৰ সৰ্বোচ্চ ধর্মগুৰু তথা ৰাজনৈতিক নেতা আয়াতুল্লা খোমেইনীৰ মৃত্যু।

➡️১৯৯৭ দক্ষিণ আমেৰিকাৰ ফ্রান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্রিম উপগ্রহ INSAT-2Dৰ চতুৰ্থ প্ৰজন্মৰ সফল উৎক্ষেপণ।

➡️১৯৯৯ ইলেক্‌ট্রনিক ভোটিং মেচিনৰ সহায়ত গোৱাত ভোট গ্রহণ। এনেদৰে ভোট গ্রহণৰ ব্যৱস্থা ভাৰতত এয়ে প্রথম।

➡️২০০১ নেপালৰ ৰজা দীপেন্দ্ৰৰ ২৯ বছৰ বয়সত মৃত্যু।এওঁ মাত্র তিনি দিনৰ বাবে নেপালৰ ৰজা হৈছিল।

➡️২০০৩ ডমিনিকান সুন্দৰী এমেলিয়াৰ ২০০৩ বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ অর্জন।

➡️২০০৪ মনমোহন সিং সংসদৰ নতুন নেতা ৰূপে মনোনীত; যশোৱন্ত সিং বিৰোধী পক্ষৰ দলপতি।

You might also like
Leave A Reply

Your email address will not be published.