শিক্ষাবিদ তুৱাৰাম খনিকৰক দামোদৰদেৱ বঁটা প্ৰদান

শিৱসাগৰ জিলাৰ বিশিষ্ট শিক্ষাবিদ তথা সুবক্তা তুৱাৰাম খনিকৰক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ বঁটা প্ৰদান।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিঙৰ সুসন্তান বিশিষ্ট শিক্ষাবিদ সুবক্তা তথা আউনীআটীয় সত্ৰৰ প্ৰপন্ন শিষ্য তুৱাৰাম খনিকৰক শ্ৰীশ্ৰী দামোদৰদেৱ বঁটা প্ৰদান কৰা হয়।

Related Posts

টীয়ক কলীয়াপানীস্থিত আউনীআটীয় সত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত শ্ৰীশ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীয়ে তুৱাৰাম খনিকৰক এই বঁটা প্ৰদান কৰে।

বিশিষ্ট শিক্ষাবিদ তথা সুবক্তা তুৱাৰাম খনিকৰক প্ৰদান কৰা শ্ৰীশ্ৰী দামোদৰদেৱ বঁটাত পাটৰ চেলেং, গামোচা মান পত্ৰ স্মাৰক আৰু নগদ পোন্ধৰ হাজাৰ টকা আছে।

চাৰিঙৰ সুযোগ্য সন্তানজনে লাভ কৰা শ্ৰীশ্ৰী দামোদৰদেৱ বঁটাই জন্মস্থান চাৰিঙৰ লগতে শিৱসাগৰ জিলালৈ আনন্দৰ বন্যা বোৱাই আনিছে।।

You might also like
Leave A Reply

Your email address will not be published.