Assam | ১১ বিশিষ্ট অসমীয়ালৈ সংগীত নাটক- ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ: Ustad Bismillah Khan Youth Award

Assam | ১১ বিশিষ্ট অসমীয়ালৈ সংগীত নাটক- ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ: Ustad Bismillah Khan Youth Award

নিউজ ডেস্ক: ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। কেইবাগৰাকীও বিশিষ্ট অসমীয়ালৈ তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

২০২৪ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা বিশিষ্ট অসমীয়াসকলৰ ভিতৰত আছে- বিশিষ্ট সত্রীয়া শিল্পী প্রেম ওজা বৰবায়ন। প্ৰেম ওজা বৰবায়ন নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ। কথক নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰদান বিপুল চন্দ্ৰ দাসক।

২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা সকলৰ ভিতৰত আছে-
সত্ৰীয়া নৃত্য শিল্পী মল্লিকা কন্দলী, বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু সত্ৰীয়া সংগীতৰ ক্ষেত্ৰত কাম কৰি যোৱা অসমীয়া ভাস্কৰজ্যোতি ওজা।
ইফালে ২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ’ ঘোষণা কৰা হৈছে। ২০২৪ বৰ্ষৰ ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ’ লাভ কৰা সকলৰ ভিতৰত আছে-
লোক সংগীতৰ শিল্পী দিলীপ হীৰা, সত্ৰীয়া নৃত্য শিল্পী মিনাক্ষী মেধি আৰু নাট পৰিচালক বিদ্যুৎ কুমাৰ নাথ।
২০২৫ বৰ্ষৰ ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ’ লাভ কৰিছে আন তিনি বিশিষ্ট অসমীয়াই। তেওঁলোকৰ ভিতৰত আছে-
সত্ৰীয়া নৃত্য শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন, খোল বাদক দেৱজিৎ শইকীয়া আৰু টোকাৰী গীতৰ শিল্পী হীৰক জ্যোতি শর্মা।
বঁটা লাভ কৰা ১১ গৰাকী এই বিশিষ্ট অসমীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.