ASSAM | Another good news for the health sector in Assam Central Government approves Bongaigaon Medical College:অসমৰ স্বাস্থ্য খণ্ডলৈ আন এক সুখবৰ বঙাইগাঁও মেডিকেল কলেজলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

অসমৰ স্বাস্থ্য খণ্ডলৈ আন এক সুখবৰ বঙাইগাঁও মেডিকেল কলেজলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

গুৱাহাটী:  অসমৰ স্বাস্থ্য খণ্ডলৈ আহিছে আন এক সুখবৰ। বঙাইগাঁও মেডিকেল কলেজত ১০০খন আসনত নামভৰ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্ৰদান কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমতি প্ৰদান কৰাৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

এই অনুমোদনৰ ফলত ৰাজ্যখনত মেডিকেল আসনৰ সংখ্যা ১,৯২৫খনলৈ বৃদ্ধি পাব। লগতে বঙাইগাঁও মেডিকেল কলেজৰ অনুমোদনৰ জৰিয়তে অসমত মেডিকেল কলেজৰ সংখ্যা ১৫খনলৈ বৃদ্ধি পালে।

ASSAM | Another good news for the health sector in Assam Central Government approves Bangalore Medical College:অসমৰ স্বাস্থ্য খণ্ডলৈ আন এক সুখবৰ বঙাইগাঁও মেডিকেল কলেজলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন
নতুন মেডিকেল কলেজ আৰু আসন বৃদ্ধিয়ে ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখন অধিক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে চিকিৎসকৰ সংখ্যা বৃদ্ধিতো সহায় কৰিব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ এই অনুমোদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

You might also like
Leave A Reply

Your email address will not be published.