Assam| Fancy Bazar : ১ ছেপ্টেম্বৰৰ পৰা ফাঁচী বজাৰত ব্যৱসায় নিষিদ্ধ

Fancy Bazar

ষ্টাফ ৰিপৰ্টাৰ, ২২ আগষ্টঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখন বৈঠকত মিলিত হৈ গুৱাহাটীৰ ফাঁচী বজাৰৰ এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথক ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বিষয়টো পৰ্যালোচনা কৰে।

বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, ডিচিপি (যান-বাহন) জয়ন্ত সাৰথি বৰা, অসম আৰক্ষী, জিএমচি আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিস্তৃত আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এম এছ পথ আৰু এইচ বি পথত ব্যৱসায় নিষিদ্ধ এলেকা (ন’ ভেণ্ডিং জ’ন)ৰ ব্যৱস্থা অহা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব।

যান-বাহন আৰু পাৰ্কিং ব্যৱস্থাপনা অধিক সুচাৰুৰূপে পৰিচালনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বাণিজ্যিক যান-বাহন নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ চলাচল কৰিব পাৰিব। সাধাৰণ যান-বাহনৰ পাৰ্কিঙৰ অনুমতি থাকিব আৰু ঠেলা চলাচলৰো অনুমতি থাকিব। লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এছ এছ পথতো একে ব্যৱস্থা প্ৰযোজ্য হ’ব। অৱশ্যে, এই পথত ব্যৱসায় নিষিদ্ধ এলেকা ব্যৱস্থা কাৰ্যকৰী কৰাৰ তাৰিখ পৰৱৰ্তী সময়ত পৃথকে নিৰ্ধাৰণ কৰা হ’ব।

মন্ত্ৰী ৰায়ে এই সিদ্ধান্ত সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে ৰূপায়ণৰ বাবে সংশ্লিষ্ট সকলোৰে মাজত ফলপ্ৰসূ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ব্যস্ত বাণিজ্যিক অঞ্চলটোত যান-বাহনৰ চলাচল অধিক সুচল কৰা, পথচাৰীৰ সুৰক্ষা বৃদ্ধি কৰা আৰু ব্যৱসায় ব্যৱস্থাপনা অধিক নিয়মীয়া কৰাৰ লক্ষ্যৰে ব্যৱস্থাসমূহ ৰূপায়ণ কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ফাঁচী বজাৰক অধিক সুসংগঠিত, সুচল আৰু সুৰক্ষিত কৰি তোলা, যাতে যাতায়াতকাৰী আৰু পথচাৰীৰ চলাচল সুচল হোৱাৰ লগতে বাণিজ্যিক কাৰ্যকলাপো শৃংখলাবদ্ধভাৱে অব্যাহত থাকে।

You might also like
Leave A Reply

Your email address will not be published.