‘ৰামায়ণ’ ছবিৰ প্ৰদৰ্শন বন্ধৰ দাবী বিশ্ব হিন্দু পৰিষদৰ
ৰাৱণক মহিমান্বিত কৰাৰ অভিযোগ
নতুন দিল্লী, ২১ নৱেম্বৰঃ ‘ৰামায়ণ: ৰাইজ অৱ এ লিজেণ্ড’ ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্ক। ছবিখনত ৰাৱণক মহিমান্বিত কৰাৰ লগতে মহৰ্ষি বাল্মীকি ৰচিত মূল ৰামায়ণৰ কাহিনী বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদে। শনিবাৰে সংগঠনটোৱে ছবিখনৰ চেন্সৰ প্ৰমাণপত্ৰ তৎক্ষণাৎ বাতিল কৰাৰ লগতে ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবী জনায়।
এক বিবৃতিত বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক বজৰং লাল বাগ্ৰাই অভিযোগ কৰে যে ছবিখনৰ নিৰ্মাতাসকলে মূল ৰামায়ণৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা বিকৃত কৰিছে। আনকি কিছুমান কাল্পনিক ঘটনা সংযোজন কৰাৰ লগতে গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহকো উপেক্ষা কৰা হৈছে।
বাগ্ৰাৰ মতে, ছবিখনত অহল্যাৰ উদ্ধাৰ, নিষাদৰাজ গুহৰ সৈতে ভগৱান ৰামৰ বন্ধুত্ব আৰু কেওটৰ ভক্তিৰ দৰে গুৰুত্বপূৰ্ণ ঘটনা উল্লেখ কৰা হোৱা নাই। তেওঁৰ অভিযোগ, এই ঘটনাসমূহে ৰামৰ সাৰ্বজনীন মানৱীয় চৰিত্ৰ প্ৰতিফলিত কৰে।

VHPৰ নেতাগৰাকীয়ে আৰু অভিযোগ কৰে যে ছবিখনত ৰাৱণক শোষিতৰ মুক্তিদাতা হিচাপে উপস্থাপন কৰি এক ৰাজনৈতিক বয়ান সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। তেওঁৰ মতে, ৰাৱণ জ্ঞান, ভক্তি আৰু শক্তিৰ শীৰ্ষত উপনীত হৈছিল যদিও অহংকাৰ আৰু অনৈতিক কৰ্মৰ বাবে তেওঁ সকলোৰে ওপৰত অত্যাচাৰ চলাইছিল।
বাগ্ৰাই কয় যে ৰামায়ণৰ এনে উপস্থাপনে কোটি কোটি হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে। তেওঁৰ মতে, ৰামায়ণ কেৱল ধৰ্মীয় মহাকাব্যই নহয়, বৰঞ্চ ব্যক্তি, পৰিয়াল, সমাজ আৰু ৰাজনৈতিক জীৱনৰ নৈতিক মূল্যবোধৰো আধাৰ।
উল্লেখ্য যে নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ প্ৰযোজক নমিত মালহোত্ৰা আৰু যশ। ছবিখনত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত ছাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত যশে অভিনয় কৰিছে। দুটা খণ্ডত নিৰ্মাণ কৰা ছবিখনৰ প্ৰথমটো খণ্ড ৫ নৱেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰে।