আফ্ৰিদীৰ ৰেকৰ্ড ভাঙিলে ৰোহিতে

ভাৰতৰ টি-২০ ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ আন এক সাফল্য। ৪৫০ টা আন্তৰ্জাতিক ছয় কোবোৱা বিশ্বৰ দ্ৰুততম ক্ৰিকেটাৰ হিচাপে অভিলেখ স্থাপন কৰিলে ৰোহিতে। মাত্ৰ ৪০৪ টা ইনিংছতে মাইলৰ খুঁটিত উপনীত হ’ল ৰোহিত। ইয়াৰ আগতে পাকিস্তানী খেলুৱৈ শ্বাহিদ আফ্ৰিদিয়ে ৪৮৭ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে,কালি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন আন্ত:ৰাষ্ট্ৰীয় টি-২০ খেলখনত ৰোহিত শৰ্মাই তিনিটাকৈ ছয় সহ ৫৫ ৰান সংগ্ৰহ কৰি দলৰ জয়ত মুখ্য ভূমিকা পিলন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.