হিজাব পিন্ধিহে টিভিত ওলাব পাৰিব মহিলা সাংবাদিক!

আফগানিস্তানত তালিবান শাসিত চৰকাৰে জাৰি কৰিছে এক নতুন ধৰ্মীয় নিৰ্দেশনা। এই নিৰ্দেশনাত দূৰদৰ্শনৰ চেনেল সমূহক মহিলা অভিনীত নাট,ভিডিঅ’ আদিৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। তদুপৰি আফগান সংবাদ মাধ্যমকো সকিয়াই এই নিৰ্দেশনাত দূৰদৰ্শনৰ মহিলা সাংবাদিক সকলক তেওঁলোকৰ প্ৰতিবেদন উপস্থাপন কৰাৰ সময়ত ইছলামিক হিজাব পিন্ধিবলৈ নিৰ্দেশ দিছে চৰকাৰে ।

পয়গম্বৰ মহম্মদ বা অন্যান্য শ্ৰদ্ধাৰ ব্যক্তিসকলক চলচ্চিত্ৰ বা অন্যান্য প্ৰচাৰমূলক কাৰ্যত ব্যৱহাৰ নকৰিবলৈও চেনেলসমূহক সকিয়াই দিয়া হৈছে। এনে কাৰ্য ইছলামিক আৰু আফগান মূল্যবোধৰ পৰিপন্থী বুলি নিৰ্দেশনা খনত উল্লেখ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.