➡️১৮৭৯ চনৰ ২১ ডিচেম্বৰ তাৰিখে ছোভিয়েট ৰাষ্ট্ৰনায়ক যোছেফ ষ্টেলিনৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট পিয়েৰীয়েই উত্তৰ মেৰুত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিত পৰিনত হৈছিল।
➡️১৯৫২ চনৰ এই দিনটোতে ছইফুদ্দিন কিচলুক ৰাছিয়াৰ লেনিন শান্তি পুৰস্কাৰ প্ৰদান কৰা হৈছল। এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম ভাৰতীয়।
➡️১৯৮৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাই এণ্টাৰ্কটিকালৈ যাত্ৰা আৰম্ভ কৰিছিল। এণ্টাৰ্কটিকালৈ যোৱা ডেকাই হ’ল প্ৰথম অসমীয়া। দলটোৱে ২৫ নৱেম্বৰত গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১ ডিচেম্বৰৰ দিনৰ ১.৩০ বজাত এণ্টাৰ্কটিকাত উপস্থিত হয়।
➡️২০০২ চনৰ আজিৰ দিনটোতে ‘মহৎ ঐতিহ্য’ গ্ৰন্থৰ বাবে নলিনীধৰ ভট্টাচাৰ্যলৈ সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like