নিউজ ডেস্ক- এটা সুখবৰ। দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২ লাখ ২৩ হাজাৰ লোক। ২৪ ঘন্টাত প্ৰাণ হেৰুৱাইছে ৩ হাজাৰ ১৭৩ গৰাকীয়ে। দেশত কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে সৰ্বমুঠ ৩ লাখ ৩,৭৫১ গৰাকী।
অসমত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে ৩,৫৬৩ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৭২ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ৬২৪ গৰাকী। ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৬৮ শতাংশ।
বিশ্বত মুঠ আক্ৰান্ত ১৬৭,৫১৮,২১৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৪৭৮,২৪০ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৪৮,৫৩৪,২৬০ গৰাকী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ক’ভিড আপডেট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like