মাস্কৰ পৰা সাৱধান!

নিউজ ডেস্ক,এন ই ভাৰত

২-৩ সপ্তাহ আপুনি একেখন মাস্ককে ব্যৱহাৰ কৰে নেকি? সাৱধান হওঁক । একেখন মাস্ক ব্যৱহাৰ কৰাৰ ফলত আপুনি আক্ৰান্ত হ’ব পাৰে ব্লেক ফাংগাছৰ সংক্ৰমণত।

সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিৰাজ কৰিছে ক’ভিডসৃষ্ট পৰিবেশ। সংহাৰ সৃষ্টি কৰা ক’ভিডৰ পৰা নিজকে বচাই ৰাখিবলৈ আমি সততে ব্যৱহাৰ কৰো মাস্ক আৰু চেনিটাইজাৰ। কিন্তু আপুনি ব্যৱহাৰ কৰা মাস্কখন এতিয়া হৈ পৰিব পাৰে বিপদৰ কাৰক। শেহতীয়াকৈ AIIMSৰ নিউৰ’চাৰ্জাৰী বিভাগৰ অধ্যাপক ডাঃ পি শৰৎ চন্দ্ৰাই প্ৰকাশ কৰিছে যে ২-৩ সপ্তাহ এখন মাস্ককে ব্যৱহাৰ কৰাৰ ফলত শৰীৰত সৃষ্টি হ’ব পাৰে ব্লেক ফাংগাছৰ সংক্ৰমণ। সাধাৰণতে ক’ৰণা আক্ৰান্তৰ শৰীৰত দেখা দিয়ে ব্লেক ফাংগাছৰ ইনফেকছন মিউকৰমাইক’চিছ। ডা:চন্দ্ৰাই লগতে জনোৱা মতে এনে ইনফেকছন নতুন নহয় যদিও পূৰ্বতে ই মহামাৰীৰ ৰূপ লোৱা নাছিল। এই ইনফেকছনৰ সাম্ভাব্য কাৰক ৰূপে দুই-তিনি দিন একেৰাহে পিন্ধি থকা মাস্কখনো হ’ব পাৰে বুলি ঠাৱৰ কৰিছে বিশিষ্ট চিকিৎসক গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.