লকআপত মল্লযুঁজাৰু

নিউজ ডেস্ক- মল্লযুঁজাৰু সুনীল কুমাৰক আজি হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। পঞ্জাৱৰ জলন্ধৰৰ কাষৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মল্লযুঁজাৰুগৰাকীক। সুনীল কুমাৰে বিগত কেইবাদিনো ধৰি আত্মগোপন কৰি আছিল। মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাত অভিযুক্ত সুনীল কুমাৰ। ৪মে’ৰ নিশা ছাত্ৰশাল ষ্টেডিয়ামত সংঘটিত হৈছিল সাগৰ ৰাণাৰ হত্যাকাণ্ডৰ ঘটনা। এই হত্যাৰ গোচৰৰ আন এগৰাকী অভিযুক্ত অজয় কুমাৰকো গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰে দুয়োকে।

You might also like
Leave A Reply

Your email address will not be published.