আজি ১৩ জানুৱাৰী

➡️১৭০৯ চনৰ ১৩ জানুৱাৰী তাৰিখে মোগল সম্ৰাট প্ৰথম বাহাদুৰ শ্বাহৰ হায়দৰাবাদ দখল।
➡️১৯০৫ চনৰ আজিৰ দিনটোতে সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম হৈছিল।
➡️১৯২১ চনৰ আজিৰ দিনটোতে আইৰিছ ঔপন্যাসিক জেমছ জয়ছৰ মৃত্যু হৈছিল।
➡️১৯৩৭ চনৰ ১৩ জানুৱাৰী তাৰিখে সাহিত্যিক ৰংবং তেৰাঙৰ জন্ম হৈছিল।
➡️১৯৪৮ চনৰ এই দিনটোতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে মহাত্মা গান্ধীৰ কলকাতাত অনশন আৰম্ভ।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে এছিয়াৰ দীৰ্ঘতম উৰিষ্যাৰ হীৰাকুঁদ বান্ধ মুকলি হৈছিল। বান্ধটোৰ দৈৰ্ঘ্য ৪,৮০০ মিটাৰ, উচ্চতা ৬০ মিটাৰ।
➡️১৯৮২ চনৰ ১৩ জানুৱাৰী তাৰিখে কেশৱ চন্দ্ৰ গগৈৰ অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰে ১৯ মাৰ্চলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে চীনা প্ৰধান মন্ত্ৰী ঝুং ৰং জিৰ ভাৰত ভ্ৰমণ।
➡️২০০৩ চনৰ এই দিনটোতে এল কে আদৱানিয়ে গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বীচ্চ ফেষ্টিভেল উদ্বোধন কৰিছিল।
➡️২০০৭ চনৰ ১৩ জানুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম টেষ্টটিউব বেবী লুইজ জয় ব্ৰাউন(২৮)এ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.