আজি ২০ জুন

➡️আজি বিষ্ণু ৰাভা দিৱস
➡️আজিৰ দিনটো বিশ্ব শৰণাৰ্থী দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৯৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ জন্ম হৈছিল।
➡️১৯৩৩ চনৰ এই দিনটোতে সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল।
➡️১৯৫৯ চনৰ ২০ জুন তাৰিখে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম হৈছিল।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ এই দিনটোতে পক্ষীবিদ ছালিম আলীৰ মৃত্যু হৈছিল।
➡️১৯৯৪ চনৰ ২০ জুন তাৰিখে গীতিকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসৰ মৃত্যু হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে গল্পকাৰ কুল শইকীয়ালৈ ২০০০ চনৰ সৰ্বভাৰতীয় ‘কথা বঁটা’ আগবঢ়োৱা হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফৰ নিজকে পাকিস্তানৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা আৰু শপত গ্ৰহণ।।

 

You might also like
Leave A Reply

Your email address will not be published.