আজি ১৯ ছেপ্টেম্বৰ

➡️১৩৫৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা তৃতীয় এডৱাৰ্ডৰ পুত্ৰ ব্লেক পিন্সেছে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰিছিল । লগে লগে ফ্ৰান্সৰ ৰজা দ্বিতীয় জন বন্দী হৈছিল ।
➡️১৫৮১ চনৰ ১৯ ছেপ্টেম্বৰত চতুৰ্থ শিখ গুৰু ৰামদাসৰ পৰলোকপ্ৰাপ্তি হৈছিল । সম্ৰাট আকবৰে দান দিয়া এক ভূমিখণ্ডত ১৫৭৭ চনত ৰামদাসে প্ৰসিদ্ধ অমৃতসৰ চহৰ তথা সৰোবৰ প্ৰতিষ্ঠা কৰিছিল।
➡️ফ্ৰান্সৰ মণ্টগ’লফিৰ ভ্ৰাতৃত্বয়ে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱাইছিল ১৭৮৩ চনৰ ১৯ ছেপ্টেম্বৰত। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্ৰথম আকাশযাত্ৰী।
➡️১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ বিশিষ্ট শিল্পী বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ মৃত্যু হৈছিল ।
➡️১৯৩৮ চনৰ ১৯ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল । ১৯৩৯ চনৰ ১৭ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল ।
➡️লালন প্ৰসাদ সিঙে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৭৩ চনৰ ১৯ ছেপ্তেম্বৰত। ১৯৮১ চনৰ ১০ আগষ্টলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ ১৬ বছৰৰ অন্তত বাংলাদেশত ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ অৱসান হৈ গঠন হৈছিল সংসদীয় চৰকাৰ। বেগম খালেদা জিয়াৰ নেতৃত্বত নতুন চৰকাৰ গঠন হৈছিল।
➡️২০০০ চনৰ ১৯ ছেপ্তেম্বৰত ছিডনী অলিম্পিকত ভাৰতৰ কাৰ্ণম মালেশ্বৰীয়ে ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
➡️২০০৩ চনৰ ১৯ ছেপ্তেম্বৰত ৰায়বেৰেলী আদালতৰ দ্বাৰা বাবৰি মছজিদ ধ্বংসৰ অভিযোগত লালকৃষ্ণ আদৱানিক দোষমুক্ত ঘোষণা কৰা হৈছিল।
➡️বড়ো ভাষাৰ প্ৰথমখন দৈনিক কাকত ‘স্বানচেয়াৰী বড়োলেণ্ড ইংগং’ প্ৰকাশ হৈছিল ২০০৪ চনৰ ১৯ ছেপ্তেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.