ইণ্টাৰনেচনেল ডেস্ক:
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত গুলীচালনা। পাকিস্তানত প্ৰতিবাদী সমদলৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত আহত হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনপ্ৰিয় ক্ৰিকেট তাৰকা ইমৰাণ খান। ঘটনা সংঘটিত হয় পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গুজৰাণৱালাৰ আল্লাহৱালা চ’কত। আহত ইমৰাণ খানক ততাতেয়াকৈ লাহোৰৰ এখন হস্পিতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ইমৰাণ খান বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইফালে, অচিনাক্ত আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে।।