নেচনেল ডেস্ক:
এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলট হিচাপে পৰিগণিত হ’ল সুৰেখা যাদৱ। নতুনকৈ প্ৰৱৰ্তন কৰা ছেমি হাই স্পীড বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হ’ল সুৰেখা যাদৱ। খৱৰটো সদৰি কৰে কেন্দ্ৰীয় ৰে’লৱেই।
সোমবাৰে মুম্বাইৰ ছ’লাপুৰ ষ্টেচন আৰু ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চি এছ এম টি)ৰ মাজত ছেমি হাই স্পীড ৰে’লখনৰ পাইলট চলাইছিল সুৰেখা যাদৱে।কেন্দ্ৰীয় ৰে’লৱেৰ এক বিবৃতিত জনোৱা মতে ১৩ মাৰ্চত সঠিক সময়ত সোলাপুৰ ষ্টেচনৰ পৰা ওলাই আহি নিৰ্ধাৰিত সময়ৰ পাঁচ মিনিট পূৰ্বে চি এছ এম টিত উপস্থিত হয় ৰে’লখন। ৪৫০ কিলোমিটাৰতকৈ অধিক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ পিছত চি এছ এম টিৰ ৮ নং প্লেটফৰ্মত সম্বৰ্ধনা জনোৱা হয় যাদৱক ।
পশ্চিম মহাৰাষ্ট্ৰৰ চাতাৰাৰ যাদৱ ১৯৮৮ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰে’ল চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ এই কৃতিত্বৰ বাবে এতিয়ালৈকে লাভ কৰিছে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু বঁটা।।