ইণ্টাৰনেচনেল ডেস্ক:
আমেৰিকাৰ টেক্সাছত ভয়ংকৰ গুলীচালনাৰ ঘটনা। শনিবাৰে টেক্সাছৰ ডালাছৰ উত্তৰত থকা এলেনৰ প্ৰিমিয়াম আউটলেটছ নামৰ এটা ব্যস্ত মলত সংঘটিত হয় এই ঘটনা। এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হয় শিশুসহ ৯ গৰাকী লোক। আনহাতে ঘটনটোত গুৰুতৰভাৱে আহত হয় সাত গৰাকী লোকৰ। পিছত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে বন্দুকধাৰীটোক। আহতসকলক ততাতৈয়াকৈ ওচৰৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ মাজত আছে শিশুৰ পৰা বৃদ্ধলৈকে।।