দেশৰ সৰ্বপ্ৰথম আণ্ডাৰ ৱাটাৰ মেট্ৰ’!

দিদি ৰাজ্যত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে প্ৰথমখন আণ্ডাৰ ৱাটাৰ মেট্ৰ' ৰে'লসেৱা।

জি শুভাৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে এই মেট্ৰ’সেৱাৰ। দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা অৱস্থিত কলকাতা মেট্ৰ’ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ হাওৰা মৈদান-এছপ্লেনেড খণ্ডত, যিটো পানীৰ তলেৰে মেট্ৰ’ সেৱাৰ প্ৰথম পদক্ষেপ।

প্ৰায় ৪ হাজাৰ ৯৬৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা কলকাতাৰ পূৱ-পশ্চিম মেট্ৰ’ৰ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰিব। কলকাতাৰ হুগলী নদীৰ তলত নিৰ্মাণ এই আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা হাওৰাত ভাৰতৰ আটাইতকৈ দ’ মেট্ৰ’ ষ্টেচন হ’ব, যিটো ভূপৃষ্ঠৰ পৰা ৩০ মিটাৰ তলত আছে। এই মেট্ৰ’ সেৱাই হাওৰা আৰু ছল্ট লেক আৰু পশ্চিম বংগ ৰাজ্যৰ ৰাজধানীৰ যমজ চহৰক সংযোগ কৰিব। ছটা ষ্টেচনৰ ভিতৰত তিনিটা ষ্টেচন ভূগৰ্ভস্থ হ’ব ।

গতিশীলতাত সুচলতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আন ৰে’ল সেৱাৰো সেউজ সংকেত দিয়ে। ইয়াৰ ভিতৰত আছে কবি সুভাষ-হেমন্ত মুখাৰ্জী আৰু তাৰাতলা-মাজেৰহাট মেট্ৰ’ খণ্ড। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰুবী হল ক্লিনিকৰ পৰা ৰামৱাড়ী খণ্ডলৈ পুনে মেট্ৰ’ও ৰাষ্ট্ৰৰ নাম সমৰ্পণ কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে পানীৰ তলৰ মেট্ৰ’ত প্ৰথম যাত্ৰা কৰে। পশ্চিম বংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ আৰু ৰাজ্যিক বিধানসভাৰ বিৰোধী দলপতি সুৱেন্দু অধিকাৰীৰ লগতে কেইবাজনো মেট্ৰ’ কৰ্মচাৰীয়েও মেট্ৰ’ ৰে’লত প্ৰধানমন্ত্ৰীক সংগ দিয়ে।

তাৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে আজি মুঠ ১৫ হাজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বহু কেইটা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহু কেইটা নতুন প্ৰকল্পৰ শিলন্যাস কৰিলে।

You might also like
Leave A Reply

Your email address will not be published.