মহা শিৱৰাত্ৰিলৈ মাজত মাথো দুটা দিন

মহাদেৱৰ আশীষ লাভ কৰিবলৈ কি কৰিব জানি লওক

বিত্ৰ শিৱৰাত্ৰিলৈ মাজত মাথো দুটা দিন বাকী। প্ৰতি বছৰৰ দৰে এইবাৰ আগন্তক ৮ মাৰ্চত পালন কৰা হ’ব পবিত্ৰ ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ উপাস্য দেৱতা দেৱা দি দেৱ মহাদেৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিৱৰাত্ৰি পালনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষীত হৈছে ।হিন্দু ধৰ্মৰ লোকসকলৰ বাবে মহা শিৱৰাত্ৰিৰ দিনটো বহু গুৰুত্বপূৰ্ণ আৰু মহত্বপূ্ৰ্ণ দিন হিচাপে গণ্য কৰা হয়। সকলো ভক্তপ্ৰাণ ৰাইজে শিৱৰাত্ৰিত উপাস্য দেৱতা শিৱক‌ বিভিন্ন প্ৰকাৰে আৰাধনা কৰে।

পঞ্চতত্ত্বৰ মূল শক্তি দেৱাদিদেৱ মহাদেৱ হৈছে সৰ্বশক্তিমান। কোৱা হয়, সকলোৱে মহাদেৱক শুদ্ধ মনৰে পূজা-অৰ্চনা কৰি আশীৰ্বাদ ল’ব পাৰে, সকলোৰে অভিকাংক্ষা পূৰ হয়। মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এক পৱিত্ৰ ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱ বা মহাদেৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। প্ৰতি বছৰৰ ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। সেই অনুসৰি এই বৰ্ষত চলিত মাহৰ ৮ মাৰ্চ তাৰিখ শুকুৰবাৰে হিন্দুধৰ্মৰ প্ৰতিগৰাকী লোকে পালন কৰিব মহাশিৱৰাত্ৰি। কিয়নো বৈদিক পঞ্জিকা অনুসৰি এই নৱবৰ্ষত মহাশিৱৰাত্ৰিৰ দিন ৮মাৰ্চ তাৰিখে ধাৰ্য কৰা হৈছে।

নতুন বছৰত ফাগুন কৃষ্ণ চতুৰ্দশী তিথি ৮ মাৰ্চৰ নিশা ৯:৫৭ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু ৯ মাৰ্চৰ নিশা ৬:১৭ মিনিটত শিৱৰাত্ৰিৰ সময় শেষ হ’ব। জনবিশ্বাস অনুসৰি মহাদেৱক পূজা-অৰ্চনা কৰিলে বাধা-বিঘিনি বা অপায়-অমংগল দূৰ হয়। হিন্দুধৰ্মৰ প্ৰতিগৰাকী দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি বা পৰম্পৰা আছে।

মহাদেৱৰ আশীষ লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ সময়ত আপুনি কি কৰিব বা মহাশিৱৰাত্ৰিৰ দিনটোত কি কৰিলে আপোনাৰ প্ৰতি সন্তুষ্ট হ’ব মহাদেৱ জানি লওঁক।

* মহা শিৱৰাত্ৰিত ব্ৰত বা উপবাসে থাকিব।
* পুৱাই শুৱা পাটি এৰি স্নান কৰিব, তাৰপিছত সম্পূৰ্ণ বগা কাপোৰ পৰিধান কৰিব।
* শিৱ মন্দিৰলৈ গৈ মহাদেৱক জল বা পানী আৰু শুদ্ধ গাখীৰ অৰ্পণ কৰিব আৰু ‘ঔম নম: শিৱায়’ মন্ত্ৰ জপ কৰিব।
* সম্পূৰ্ণ ৰূপে এই দিনটোত পালন কৰিব ব্ৰত। কিয়নো, সম্পূৰ্ণ ৰূপে ব্ৰতত থাকিলে ব্ৰতত থকা প্ৰকৃত ফল লাভ কৰিব আপুনি।

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়। ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি সকলোবোৰ নিয়ম পালন কৰে। কোনো কোনো মন্দিৰত দুদিনীয়া, তিনিদিনীয়া বৰ্ণাধ্য ধৰ্মীয় কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি উৎসৱৰ পালন কৰা হয়। সকলো মঠ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰে

You might also like
Leave A Reply

Your email address will not be published.