আজি ৭ মাৰ্চ

➡️১৯১১ চনত প্ৰসিদ্ধ হিন্দী কবি-সাংবাদিক সচ্চিদানন্দ এইচ ৱাৎসায়নৰ জন্ম। ৱাৎসায়নে ১৯৭৮ চনৰ আজি দিনটোতে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
➡️১৯৩২ চনত সাহিত্যিক-জীৱনীকাৰ নন্দ তালুকদাৰৰ জন্ম।
➡️ফৰাচী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ মৃত্যু। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতিস্বৰূপে তেওঁ ১৯২৬ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩৮ চনত বিশিষ্ট মাৰ্কিন জীৱ বিজ্ঞানী ডেভিড বাল্টিমোৰৰ জন্ম। ১৯৭৫ চনৰ আজি দিনটোতেই তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৫৪ চনত প্ৰসিদ্ধ জাৰ্মান বিজ্ঞানী অটো পল হেৰমান ডিলছৰ মৃত্যু। ১৯৫০ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৬১ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পন্তৰ মৃত্যু।
➡️১৯৮৭ চনত সুনীল গাভাস্কাৰ টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত।
➡️১৯৯৭ চনত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে দীপালী বৰঠাকুৰৰ বিবাহ।
➡️২০০৫ চনত ৱেষ্ট বেংক পেলেষ্টাইনক এৰি দিয়াৰ কথা ঘোষণা ইজৰাইলৰ।
➡️অসমৰ কনিষ্ঠবল নিযুক্তি কেলেংকাৰিক লৈ সদনত হুলস্থুলীয়া পৰিৱেশ।

You might also like
Leave A Reply

Your email address will not be published.