শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে?

শীতকালত হোৱা ছালৰ সমস্যাৰ বিষয়ে জানো আহক

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে?
শীতকালত হোৱা ছালৰ সমস্যাৰ বিষয়ে জানো আহক

প্ৰায়সংখ্যক ব্যক্তিৰে শীতৰ দিনত ছাল শুকাই যোৱা সমস্যাই বাৰুকৈয়ে দেখা দিয়ে। শীতকালত ঘৰৰ বাহিৰে-ভিতৰে সমানেই জলবায়ুৰ আৰ্দ্ৰতা কমি যায়।যাৰ ফলত আমাৰ ছালখনে প্ৰয়োজনতকৈ কম পানী পায়।ছালত যেতিয়া পৰ্যাপ্ত পৰিমাণে আৰ্দ্ৰতা নাথাকে তেতিয়াই ছালৰ বাহিৰৰ তৰপটো শুকাই যায় আৰু ছালখন শুকান হৈ পৰে।তাৰোপৰি হাতৰ তলুৱা, চুলি পৰ্যন্ত শুকান লাগে।ইয়াক জেৰ’ছিছ কিউটিছ (Xerosis cutis) বুলি কোৱা হয়।এনেকুৱাত ছালখনৰ কমনীয়তা নোহোৱা হৈ পৰে।কেতিয়াবা আনকি অন্য অৱস্থাতো ছালখন টানি ধৰা যেন লাগে, ছালখন ৰঙচুৱা হৈ পৰে আৰু ছালত মিহি ফাট মেলে।বহুলোকে ঘৰ বা কৰ্মস্থানত বহু সময়লৈকে ৰূম-হিটাৰ ব্যৱহাৰ কৰে আৰু কিছুমান লোকে উলেন অথবা চিনথেটিক কাপোৰ ব্যৱহাৰ কৰিলে ছালৰ এইসমুহ সমস্যায়ে দেখা দিয়ে।

ঘৰুৱা কাম-কাজৰ লগতে ব্যক্তিগত দায়িত্ব আদিসমূহৰ পৰা মূৰ তুলিবলৈও সময় নোহোৱাত শৰীৰৰ যতন ল’বলৈয়ো নাৰীসকলে পাহৰিয়েই যায়। তদুপৰি পাৰ্লাৰ আদিত গৈ যতন ল’বলৈয়ো বহুত অর্থৰ প্রয়োজন হয়। সেয়ে আজি ঘৰতে কোনেকৈ সুন্দৰ হৈ থাকিব পাৰি তাৰে দুটামান দিহা আগবঢ়োৱা হ’ল-

১)শীতকালত যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে, ই ছালৰ সিক্ততা ধৰি ৰাখে। অতি কমেও ২-৩ লিটাৰ পানী প্ৰতিদিনে খাব লাগে।পাঁচ মিনিটৰ এক কুহুমীয়া পানীৰ পৰশ সম্পূৰ্ণ শৰীৰত দৈনিক ব্যৱহাৰ কৰা দৰকাৰ।

২)অতি গৰম পানীৰে গা ধুব নালাগে।তাৰ বিপৰিতে কুহুমীয়া গৰম পানীৰে গা ধুব লাগে।বেছি গৰম পানীয়ে ছালৰ চৰ্বি থকা আৱৰণ নষ্ট কৰে।আনহাতে, দীৰ্ঘদিন ধৰি গৰমপানীৰে গা ধোৱাৰ ফলত ছালৰ ক্ষতি আৰু পানীলগা হোৱাই নহয়, চুলিকো প্ৰভাৱিত কৰে, যাৰ ফলত চুলি শুকান আৰু ভাঙি যোৱাৰ প্ৰৱণতা থাকে।

৩)শৰীৰক বাহিৰৰ শুকান বতাহ আৰু ঠাণ্ডাৰপৰা বচাব লাগে।বতাহ আৰু পানীত থকা ফ্ৰী ৰেডিকেলেও ছালৰ বিভিন্ন সমস্যা সৃষ্টি কৰিব পাৰে, য’ত অকাল বয়স বৃদ্ধি আৰু ব্ৰণ(acne)আদিৰ দৰে ছালৰ সংক্ৰমণ জনিত ৰোগ অন্তৰ্ভুক্ত।

৪)প্রাকৃতিক উপাদান মৌ অতীজৰে পৰা সৌন্দর্যবৰ্ধক হিচাপে ব্যৱহাৰ হৈ আহিছে।সকলো ছালৰ গৰাকীৰ বাবেই মৌ উত্তম যদিও শীতকালত শুকান ছালৰ বাবে মৌ মহৌষধ। কিন্তু কেৱল শুকান ছালৰ গৰাকীয়ে নহয়, কমবিনেচন স্কীনৰ পৰা আৰম্ভ কৰি সকলোৱে ব্যৱহাৰ কৰিলে ভাল।চাউলৰ গুৰি আৰু মৌৰে অতি সহজতে ঘৰতে স্ক্রাব তৈয়াৰ কৰি ল’ব পাৰি।চাউল ছালৰ সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা ঘৰতে পোৱা আন এবিধ উপাদান।

৫)এলোভেৰা বা ছাল কুঁৱৰীঃ এলোভেৰাৰ উপযোগিতাৰ বিষয়ে সকলোৱেই জানে। আজিকালি বজাৰটো এলোভেৰা যুক্ত বিভিন্ন ক্ৰীম উপলব্ধ যদিও ঘৰতে এলোভেৰাৰ এজোপা গছ ৰুই তাৰ পৰাও প্রাকৃতিকভাৱে এলোভেৰাৰ জেল সংগ্ৰহ কৰিব পাৰি। ছাল কুঁৱৰীৰ পাতৰ পৰা জেলখিনি হাতত লৈ ছালত লগাব। ১০ মিনিট মান সময় এনেদৰে ৰাখি শীতল পানীৰে পৰিষ্কাৰকৈ মুখখন ধুই দিয়ক।এলোভেৰায়ে প্ৰদাহ নিবাৰণ, ছালৰ সুৰক্ষা, বেক্টেৰিয়া প্ৰতিৰোধ,চেপ্টিক, ঘাঁ নিৰাময় কৰে।

You might also like
Leave A Reply

Your email address will not be published.