ডঃ অংশুমান দাসৰ গ্ৰন্থ উন্মোচনী আৰু বিদায় সভা অনুষ্ঠিত

ডঃ অংশুমান দাসৰ গ্ৰন্থ উন্মোচনী আৰু বিদায় সভা অনুষ্ঠিত

ব্যুৰ’ ৰিপ’ৰ্ট: আজি পুৱা ১১ বজাত মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত মহাবিদ্যালয়ৰ ৩৪ নং শ্ৰেণীকোঠাত “ডঃ অংশুমান দাসৰ চিন্তা বিচিত্ৰা আৰু জীৱন চিত্ৰ” শীৰ্ষক এখন গ্ৰন্থ শুভ উন্মোচন হয়। অসমীয়া বিভাগৰ দুগৰাকী প্ৰাক্তন কৃতী শিক্ষাৰ্থী মুহাম্মাদ আফজাল আৰু আবিদা চুলতানা সম্পাদিত ৩৪০ পৃষ্ঠাৰ মূল্যৱান গ্ৰন্থখন উন্মোচন কৰে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা জাহানাৰা বেগমে। উন্মোচিত গ্ৰন্থখনৰ চমু সমালোচনা আগবঢ়ায় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ছাদিকুল ইছলামে।

সমাগত ৩১ অক্টোবৰত মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংশুমান দাসে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব।

তদুপলক্ষে আজি অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মৈৰাবাৰী মহাবিদ্যালয়ত এখনি গ্ৰন্থ উন্মোচনী সভা আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।

মৈৰাবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ তথা ভূৰাগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক খলিলুৰ ৰহমানে।

অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ মুহাম্মাদ আফজালে আঁত ধৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা ডঃ অংশুমান দাসক এখনি বিদায় সম্বৰ্ধনা পত্ৰ প্ৰদানৰ লগতে তেখেতৰ ৩৪ বছৰীয়া চাকৰি জীৱন উপলক্ষে ৩৪ খন বহী, ৬০ বছৰ বয়সৰ বাবে ৬০ টা কলম, ৪০খন গ্ৰন্থৰ ৰচক হিচাপে ফুলৰ থোপা, আলোকচিত্ৰ, এখন হাত ঘড়ী, এটি ছাতি, এযোৰ পোছাককে ধৰি বিভিন্ন ধৰণৰ উপহাৰ আগবঢ়ায়।

তদুপৰি শিক্ষামূলক সামাজিক সংস্থা এছ চি চি, অসমৰ লগতে ব্যক্তিগতভাৱেও অন্যান্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিভিন্ন অনুৰাগী ব্যক্তিয়েও ডঃ অংশুমান দাসক অসমীয়া ফুলাম গামোচা, জাপি, শৰাই, সম্বৰ্ধনা পত্ৰ আদিৰে বিদায় সম্বৰ্ধনা জনায়।

আজিৰ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদ, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰিয়াজুল হক, ডাঃ ৰফিকুল ইছলাম, অৱসৰপ্ৰাপ্ত অভিযন্তা, বসন্ত কুমাৰ নাথ, আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা হালিমা খাতুন, ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ কলেজৰ অধ্যাপক ত্ৰিদীপ কুমাৰ গোস্বামী, অসমীয়া বিভাগৰ গুৰু পাঠ্যক্ৰমৰ প্ৰথমগৰাকী ছাত্ৰী পুশিদা বেগম, মৈৰাবাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল ক্ৰমে আব্দুল গফুৰ, ৰহম আলী, হানিফ উদ্দিন আহমেদ, নুৰুল ইছলাম, কমৰুল ইছলাম, ছামচুল হক, প্ৰাক্তন বিধায়ক শ্বহীদুল ইছলাম, জ্যেষ্ঠ সাংবাদিক ক্ৰমে মৈৰাবাৰীৰ ছামচুল আলম, মৰিগাঁৱৰ ডালিম ফুকন, ভূৰাগাঁৱৰ প্ৰণৱ গোস্বামী আৰু বিষ্ণু ডেকা, বিশিষ্ট সমাজ কৰ্মী জহিৰুল ইছলাম মুক্তাৰ। সভাত মৈৰাবাৰী মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ডঃ অংশুমান দাসে বিভাগীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ পদক্ষেপৰ বাবে সকলোকে আশীৰ্বাদ দিয়ে। শেষত শলাগৰ শৰাই আগবঢ়ায় মোৰাঝাৰ কলেজৰ সহকাৰী অধ্যাপক ছুলমান আলী খানে।।

You might also like
Leave A Reply

Your email address will not be published.