কেৰালাত ভয়ংকৰ ভূমিস্খলন! প্ৰতিমুহূৰ্তত বাঢ়িছে মৃতকৰ সংখ্যা

 

কেৰালাত ভয়ংকৰ ভূমিস্খলনৰ ভয়াৱহ ৰূপ। কেৰালাৰ ৱাইডানত ভূমিস্খলনৰ ফলত হাহাকাৰ পৰিস্থিতি। ৱায়নাড়ত বান-ভূমিস্খলনে ভাঙি নিছে এখন দলং। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে চাৰি শতাধিক পৰিয়ালৰ। দুখন হেলিকপ্টাৰৰে চলাই আছে উদ্ধাৰ অভিযান।

প্ৰতিঘণ্টাত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এইপৰ্যন্ত মৃত্যু ১৬৭ জনৰ। সন্ধানহীন ১৫০ ত কৈও অধিক লোক। চিকিত্‍সালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুলোকে। এতিয়াও বহুলোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা অঞ্চলসমূহত। উদ্ধাৰকাৰী দলে নিৰন্তৰ অভিযান চলাই আছে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে।

You might also like
Leave A Reply

Your email address will not be published.