জোনাইত পুৱাই অঘটন

জোনাইত আজি পুৱাই সংঘটিত হ’ল এক অঘটন। ছিয়াং নদীত মাছ বিছাৰিবলৈ গৈ সন্ধানহীন জোনাইৰ বেৰা বেঙ্গলী গাঁৱৰ এজন যুৱক।জানিব পৰামতে সোমবাৰে আবেলি প্ৰায় ২ বজাত দুই বন্ধুৰ সৈতে সন্ধানহীন যুৱকজনে এখন সৰু যন্ত্ৰচালিত নাৱত ছিয়াং নদীত মাছ বিচাৰিবলৈ যায়। তেনে সময়তে মঙ্গলবাৰে পুৱা প্ৰায় চাৰি বজাত নাৱখনৰ পৰা যুৱকজন পিছলি খাই নদীৰ বুকুত পৰি যায়। ঘটনাৰ পিছতে যুৱকজনৰ সৈতে যোৱা দুই বন্ধুৱে যুৱকজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নহ’ল। লগে লগে ঘটনা সন্দৰ্ভত পৰিয়াল তথা ৰাইজক অৱগত কৰাত পৰিয়ালে জোনাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান চলাইছে যদিও যুৱকজনৰ সন্ধান বাতৰি সংগ্ৰহ কৰা সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই..সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেঙ্গলী গাঁৱৰ ২৮ বছৰীয়া ভুৱন দাস বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.