স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী ৰাভা জাতীয় যুৱ পৰিষদৰ

স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী ৰাভা জাতীয় যুৱ পৰিষদৰ । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ আধাৰত ৰাজ্যৰ ভিতৰতে এখন স্বায়ত্ব শাসিত ৰাজ্য হিচাবে গঠন কৰা দাবীত ৰাভা জাতীয় যুৱ পৰিষদে আজি দুধনৈ পৰিদৰ্শন বঙলাৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদ মেলৰ জৰিয়তে ৰাভা জাতীয় যুৱ পৰিষদে অহা ২০ আগষ্টৰ পৰা ৩০ চেপ্তেম্বৰলৈ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷ কাৰ্যসূচী মৰ্মে ২০ আগষ্টৰ পৰা ২৮ আগষ্টলৈ ৰাভা জাতীয় যুৱ পৰিষদৰ প্ৰতিখন আঞ্চলিকত সাংগঠনিক আৰু সজাগতা সভা, ৩১ আগষ্টত দিনৰ ১১ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ ৬চেপ্তেম্বৰত দুধনৈত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদ্‌যাপন, ১৫ চেপ্তেম্বৰত জোৰ সদদল, ২১ চেপ্তেম্বৰত বাইকৰেলী, ২৭ চেপ্তেম্বৰত কামৰূপ জিলাৰ বকোত চিন্তন বৈঠক আৰু ৩০ চেপ্তম্বৰত ৰাজ্যৰ মুখ্য সচিবৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ এই বিষয়ত স্মাৰক পত্ৰ প্ৰেৰণ ৷ আজিৰ সংবাদ মেলত ৰাভা জাতীয় যুৱ পৰিষদৰ সভাপতি ৰত্নেশ্বৰ ৰাভা সম্পাদক অশোক ৰাভা সহ সংগঠনটোৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।

You might also like
Leave A Reply

Your email address will not be published.