ৰাজধানী চহৰ দিল্লীৰ আলিপুৰত অগ্নিৰ লেলিহান শিখাই প্ৰাণ কাঢ়ি নিলে ১১জনকৈ শ্ৰমিকৰ। বৃহস্পতিবাৰে বিয়লি আলিপুৰৰ দয়াল মাৰ্কেটত থকা এটা ৰং কাৰখানাত সংঘটিত এই অগ্নিকাণ্ডত ২টাকৈ গুডাম ঘৰ আৰু এটা নিচামুক্তি কেন্দ্ৰ সম্পূৰ্ণৰূপে জাহ যায়। অতি দুৰ্ভাগ্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কাৰখানাটোত থকা ১১জন শ্ৰমিক ভিতৰতে আৱদ্ধ হৈ পৰে আৰু অগ্নিৰ লেলিহান শিখাই তেওঁলোকক জীৱন্তে আগুৰি ধৰে।
দিল্লীৰ আলিপুৰত সংঘটিত এই অগ্নিকাণ্ডৰ ভয়াৱহতা ইমানেই গভীৰ আছিল যে অগ্নি নিৰ্বাপনৰ পাছত যেতিয়া শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তেওঁলোক এইদৰে অগ্নিদগ্ধ হৈছিল যে তেওঁলোকক চিনাক্ত কৰাটো প্ৰায় অসম্ভৱ আছিল।
তদন্তকাৰী বিষয়াই জনোৱা মতে, ৰং কাৰখানাটোত থকা ৰাসায়নিক পদাৰ্থৰ ফলতেই কাৰখানাটোত বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ উদঘাটন হোৱা নাই।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বাজি ২৫ মিনিটত তেওঁলোকে এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰে আৰু লগে লগে ৬খনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইত উপস্থিত হয়। এই অগ্নিকাণ্ডৰ ফলত এজন আৰক্ষী জোৱানকে ধৰি আন ৪জন লোক বৰ্তমানেও চিকিতসাধীন হৈ আছে লগতে বৰ্তমানেও নিৰুদ্দেশ হৈ থকা লোকসকলক বিছাৰি উদ্ধাৰ অভিযান অব্যাহত আছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like