১৯২২ চনত স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী, টেলিফোনৰ আৱিস্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু ।
১৯৫৪ চনত পৰ্তুগীজৰ হাতৰ পৰা নগৰ হাভেলী মুক্ত ।
১৯৯৯ চনত গাইসালত ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ – আসামৰ মুখামুখি সংঘৰ্ষ, চাৰি শতাধিক লোক নিহত ।
১৯৩৮ চনত ৰোমাণ্টিক কবি, ‘জোনাকী’ৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু ।
১৭৬৩ চনত ব্ৰিটিছ সৈন্যৰ হাতত মীৰকাছিম পৰাস্ত ।
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ । ভাৰতৰ সৰ্বোচ্চ শাসক তথা
ৰাজপ্ৰতিনিধিৰ নামকৰণ কৰা হয় ‘ভাইচৰয়’ ।
১৯৩৪ চনত জাৰ্মানীৰ একনায়ক ৰূপে আডল্ফ হিট্লাৰৰ আত্মপ্ৰকাশ ।
১৯৪৫ চনত ইউৰোপত শান্তি স্থাপনৰ উদ্দেশ্য় ষ্টেলিন, ৰুছভেল্ট আৰু চাৰ্চিলৰ জাৰ্মানীৰ বাৰ্লিনত শান্তি আলোচনা আৰু এখন শান্তিচুক্তি স্ৱাক্ষৰিত ।
১৯৭০ চনত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত ৰূপে কাৰ্যভাৰ গ্ৰহণ ।
২০০৩ চনত অৰুণাচল প্ৰদেশত মুকুট মিথি চৰকাৰৰ পতন ।