১৫২৯ চনত গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্রাট বাবৰৰ হাতত পৰাজিত।
১৫৮৯ চনত ভাৰতীয় গায়ক, সংগীতজ্ঞ তানসেনৰ মৃত্যু।
১৮১১ চনত স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লোৰোফৰ্মৰ আৱিষ্কাৰক জেম্ছ ইয়ং ছিম্পছনৰ জন্ম।
১৮৪০ চনত বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ, ব্রিটেইনত। ‘পেনি ব্লেক’ নামৰ এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল।
১৮৫৩ চনত মার্কিন সংবাদ-পত্ৰ ‘নিউয়ক হেৰাল্ড’ৰ প্ৰকাশ।
১৮৫৬ চনত অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্রয়েডৰ (Sigmund Freud) জন্ম।
১৮৬১ চনত স্বাধীনতা সংগ্রামী, জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম।
১৮৬২ চনত মার্কিন লেখক আৰু প্রকৃতিবিদ হেন্ত্ৰী ডেভিদ থৰোৰ (Henry David Thoreau) ৪৪ বছৰ বয়সত মৃত্যু।
১৯০৪ চনত ছুইডেনৰ নোবেল জয়ী কবি, ঔপন্যাসিক হেৰী মার্টিনছনৰ জন্ম। মার্টিনছনে ১৯৭৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৪০ চনত ‘গ্ৰেন্থ অব্ ৰেথ’ উপন্যাসৰ বাবে মার্কিন ঔপন্যাসিক জন ষ্টেইনবেকলৈ পুলিৎজাৰ বঁটা।
১৯৪১ চনত যোছেফ ষ্টেলিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি।
১৯৪৯ চনত বেলজিয়ামৰ নোবেল জয়ী ফৰাচী ভাষাৰ নাট্যকাৰ, কবি মৰিচ মেটাৰলিংকৰ মৃত্যু। ‘দা ব্লু বার্ড’ (১৯০৮) তেওঁৰ আটাইতকৈ প্রসিদ্ধ ৰচনা। এইখন ‘নীলা চৰাই’ নামেৰে অসমীয়ালৈও অনূদিত হৈছে।
১৯১১ চনত মেটাৰলিংকে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
১৯৫২ চনত শিক্ষাবিদ, আধুনিক শিক্ষাত মণ্টেছৰী ব্যৱস্থাৰ প্ৰচলন কৰোতা মাৰিয়া মণ্টেছৰীৰ ৮১ বছৰ বসয়ত নেদাৰলেণ্ডছত মৃত্যু।
১৯৫৩ চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম।
১৯৬৭ ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি ৰূপে জাকিৰ হুছেইন নির্বাচিত।
২০০২ চনত ১৯ মাহ গৃহবন্দী হৈ থকাৰ পিছত ম্যানমাৰৰ গণতন্ত্রপন্থী নেত্রী আং ছান ছ্যু কীৰ মুক্তি।
২০০২ চনত জেক চিৰাক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নির্বাচিত।
২০০২ চনত ভূপেন্দ্র সিং কৃপালৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ। কৃপালে
২০০২ চনৰ ১৭ ডিচেম্বৰলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।
২০০৩ চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আই এম ডি টি আইন বাতিল বিল সদনৰ নিৰ্বাচিত কমিটীলৈ হস্তান্তৰ।
২০০৫ চনত টনী ব্লেয়াৰৰ তৃতীয়বাৰৰ বাবে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ প্ৰধ মন্ত্রী হিচাপে শপত গ্রহণ।