কানাডা দিৱস।
চিকিৎসক দিৱস।
ছোমালিয়াৰ জাতীয় দিৱস।
ৰুৱাণ্ডাৰ স্বাধীনতা দিৱস।
➡️১৪৯৭ চাৰিখন জাহাজ আৰু ১৭০জন সহযাত্ৰীৰে ভাস্কো ডা-গামাৰ লিছবনৰ পৰা ভাৰত অভিমুখে যাত্রা। ১৪৯৮ চনৰ ১৭ মে’ত তেওঁ উত্তমাশা অন্তৰীপেদি ভাৰতত প্ৰৱেশ কৰে।
➡️১৮২২ বর্তমানলৈকে প্রকাশ হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি সংবাদ-পত্র ‘বোম্বাই সমাচাৰ’ৰ প্ৰকাশ। প্ৰথমতে ইয়াৰ : ১ নাম আছিল ‘মুম্বাইনা সমাচাৰ’। ১৮৩৭ চনৰ পৰা কাকতখন দৈনিক হয়।
➡️১৮৫২ ভাৰতত ডাকটিকটৰ প্রচলন আৰম্ভ। তৎকালীন ভাৰতৰ কেৱল সিন্ধু প্রদেশৰ মাজতে আবদ্ধ থকা ‘সিন্ধ ড’ নামৰ এই ডাকটিকট পিছত ইষ্ট ইণ্ডিয়া কোম্পনীয়ে বাতিল কৰে।
➡️১৮৭৯ ভাৰতত পোষ্ট-কাৰ্ড প্রচলন।
➡️১৯০৪ ছেন্ট লুইত অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ হয়। এই সমাৰোহ ২৩ নৱেম্বৰলৈ চলে।
➡️১৯৪৮ গুৱাহাটী আৰু শ্বিলঙত প্রথম অনাতাঁৰ কেন্দ্ৰ স্থাপন।
➡️১৯৫৫ সতীশ চন্দ্র কাকতিৰ সম্পাদনাত অসমীয়া সাপ্তাহিক ‘অসম বাণী’ৰ প্ৰথম প্ৰকাশ।
* ইম্পিৰিয়েল বেংক ৰাষ্ট্ৰীয়কৰণ আৰু নাম সলনি। নতুন নাম ষ্টেট বেংক অব ইণ্ডিয়া।
➡️১৯৬০ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে অসমত প্ৰচলনৰ দাবীত ৰাজ্যজুৰি ভাষা আন্দোলন আৰম্ভ।
➡️১৯৬১ ইংলেণ্ডৰ ৰাজকুমাৰী (পিছলৈ প্রিন্স চাৰ্লছৰ পত্নী)ডায়েনাৰ জন্ম।
➡️১৯৬৫ ডিব্রুগড় বিশ্ববিদ্যালয় প্রতিষ্ঠা।
➡️১৯৭৫ প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ বিখ্যাত কুৰিদফীয়া আঁচনি ঘোষণা।
➡️১৯৯০ পূব আৰু পশ্চিম জার্মানীৰ একত্ৰীকৰণ।
* ক্রীড়া বিষয়ক অসমীয়া পষেকীয়া ‘খেল সংবাদ’ৰ প্রস্তাৱনা সংখ্যাৰ প্ৰকাশ। সম্পাদক: সূর্য হাজৰিকা।
➡️১৯৯৯ কার্গিলত পাকিস্তানী সেনা আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা যুদ্ধত অসমৰ জিন্টু গগৈ শ্বহীদ।