আজি ১৮ জুন

বিশ্ব বনভোজ দিৱস।

➡️১০৩৭ পাৰস্যৰ চিকিৎসক ইবন ছিনাৰ মৃত্যু। ‘কেনন অব্ মেডিচিন’ তেওঁৰ প্ৰসিদ্ধ সৃষ্টি। ইউৰোপত ইবন ছিনা ‘এভিচীনা’ নামেৰে পৰিচিত।

➡️১৫৭৬ মোগলৰ বিৰুদ্ধে হলদিঘাটত ৰাজপুতৰ প্ৰচণ্ড যুদ্ধ।ৰাজপুত ৰজা ৰাণা প্রতাপ সিংহৰ পৰাজয়। উল্লেখ্য যে এই যুদ্ধত ৰাজপুত বাহিনীৰ নেতৃত্ব লৈছিল সেনাপতি হাকিম খান ছুৰ নামৰ এজন মুছলমান সেনাপতিয়ে – যি যুদ্ধক্ষেত্ৰত ৰাণা প্রতাপ সিংহক ৰক্ষা কৰিবলৈ গৈ প্রাণ আহুতি দিয়ে। আনহাতে আকবৰৰ মোগল বাহিনীৰ নেতৃত্ব দিছিল এজন হিন্দু ৰাজপুত সেনাপতি ৰাজা মান সিঙে।

➡️১৮১৫ বিখ্যাত ‘রাটালু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপার্ট পৰাজিত আৰু বন্দী।

➡️১৮৫৮ চিপাহী বিদ্রোহত ইংৰাজৰ সৈতে হোৱা সংঘৰ্ষত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ মৃত্যু।

➡️১৯৩৬ ৰুছ ঔপন্যাসিক মেক্সিম গকীৰ (প্রকৃত নাম এলেক্সি মেক্সিম’ভিচ পেছকভ) মৃত্যু।

➡️১৯৪৬ গোৱাত পর্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্রথম সত্যাগ্রহ আৰম্ভ।

➡️১৯৫৬ হিন্দু উত্তৰাধিকাৰী আইন গৃহীত।

➡️১৯৯১ দশম লোকসভা নির্বাচনত কংগ্রেছ (ই) একক বৃহত্তম দল ৰূপে পৰিগণিত।

➡️২০০২ অভিনেত্রী নাছিম বানুৰ (অভিনেত্রী চায়েৰা বানুৰ মাতৃ) ৮১ বছৰ বয়সত মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.