আজি ২২ অক্টোবৰ

আজি ২২ অক্টোবৰ

➡️১৭৬৪ বংগ আৰু বিহাৰত নবাবৰ শাসনৰ অন্ত, ইষ্ট ইন্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
➡️১৭৬৪ বক্সাৰ যুদ্ধ। ইংৰাজৰ বিহাৰ অধিকাৰ।
➡️১৯৩৮ পদার্থ-বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ ‘ইলেক্ট্রোফটোগ্রাফ’ নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ। ১৯৪৭ চনত এই পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই জেৰোগ্রাফী বা জেৰক্স মেচিন নির্মাণ হয়।
➡️১৯৪৭ পাকিস্তানৰ প্ৰত্যক্ষ সমর্থনত পাঠান আৰু আন জনজাতি সম্প্ৰদায়ৰ কাশ্মীৰ আক্ৰমণ; কাশ্মীৰৰ ৰজা হৰি সিঙৰ ভাৰত চৰকাৰৰ সাহায্য প্ৰাৰ্থনা আৰু কাশ্মীৰক ভাৰতভুক্তিৰ প্ৰস্তাৱ।
➡️১৯৭৫ ইংৰাজ ইতিহাসবিদ আনল্ড যোছেফ টয়নবিৰ মৃত্যু। ১৯৬২ ভাক্রা-নাংগল বহুমুখী নদী উপত্যকা প্রকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উর্গা।
➡️১৯৯৪ শ্রীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০জন এক বোমা বিস্ফোৰণত নিহত। ১৯৯৯ টাইৱানত ভূমিকম্প।
➡️১৯৯৯ ব’ফৰ্ছ মোকদমাৰ চাৰ্জশীট দাখিল, ৰাজীৱ গান্ধীসহ আন চাৰিজন অভিযুক্ত।
➡️১৯৯৯ লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালযোগী নির্বাচিত।
➡️২০০১ আফগানিস্তানৰ এক চিকিৎসালয়ত মার্কিন বোমা; ১০০জনৰ মৃত্যু। হাজাৰ হাজাৰ আফগান শৰণাৰ্থীৰ পাকিস্তানলৈ যাত্রা।
➡️২০০২ ‘যাযাবৰ’ ছদ্মনামেৰে বিখ্যাত বাংলা লেখক বিনয় মুখোপাধ্যায়ৰ ৯২ বছৰ বয়সত মৃত্যু।
➡️২০০৩ ফিফাৰ ৰেংকিঙত ব্রাজিল বিশ্ব ফুটবলৰ শীৰ্ষত।

You might also like
Leave A Reply

Your email address will not be published.