আজি ১৯ ডিচেম্বৰ

➡️১৬৭৫ নৱম শিখগুৰু তেগ বাহাদুৰৰ মৃত্যু।
➡️১৯০১ বেৰিষ্টাৰী পাছ কৰি মোহন দাস কৰমচাঁদ গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন; বোম্বাইত ( মুম্বাই) উপস্থিত।
➡️১৯০৬ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান লিঅ’নিভ ব্ৰেজনেভৰ জন্ম।
➡️১৯৬১ পৰ্তুগীজৰ অধীনৰ পৰা গোৱাৰ মুক্তি।
➡️১৯৭৮ লোকসভাৰ পৰা ইন্দিৰা গান্ধীক বহিষ্কাৰ।
➡️১৯৮৪ ১৯৯৭ চনত হংকঙক চীনলৈ হস্তান্তৰৰ চুক্তি চীন আৰু ব্ৰিটেইনৰ মাজত।
➡️১৯৮৯ ফাৰ্নাণ্ডো কোলাৰ ডি মেলো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি।
➡️১৯৯১ মটৰগাড়ী নিৰ্মাণ শিল্পৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান আমেৰিকাৰ জেনেৰেল মটৰ্ছৰ ২১ টা কাৰখানা বন্ধ, ৭৮,০০০ কৰ্মী কৰ্মচ্যুত।
➡️১৯৯৫ বংগৰ পুৰুলিয়াত কোনো অজ্ঞাত ব্যক্তি/সংগঠনৰ বিমানযোগে এ কে ৪৭ বন্দুক, ৰকেট লান্সাৰ, এন্টি টেংক গ্ৰেনেডসহ বহু অস্ত্ৰ-শস্ত্ৰৰ অৱতৰণ।
➡️১৯৯৯ ১৯১২ চনত এক শোকাৱহ দুৰ্ঘটনাত পতিত বিলাসবহুল জাহাজ টাইটানিক ধ্বংস হোৱাৰ পিছত এই বছৰ পুনৰ একে নামেৰে এখন জাহাজ নিৰ্মাণ হয় আৰু আগৰখনৰ যাত্ৰা পথৰেই এইখনে যাত্ৰা কৰে। এই যাত্ৰা টেলিভিছনযোগে পোনপটীয়া সম্পচাৰো হয়।
➡️২০০০ বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মৃত্যু।
➡️২০০১ ভাৰত-পাক সীমান্তত গুলীয়াগুলী, যুদ্ধমুখী পৰিস্থিতি।
➡️১৯৭৪ অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ৰিকি পন্টিঙৰ জন্ম। বিশ্বৰ ৫ জন শীৰ্ষ বেট্ছমেনৰ অন্যতম ৰিকি পন্টিং বৰ্তমান (২০০৮) অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক।

You might also like
Leave A Reply

Your email address will not be published.