আজি ২৫ অক্টোবৰ

▶️১৪০০ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি জিঅ’ফ্ৰে চচাৰৰ মৃত্যু।’কেন্টাৰবুৰী টেলছ’ তেওঁৰ প্ৰসিদ্ধ সাহিত্যকৃতি।
▶️১৬৪৭ চনৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু।
▶️১৮৮১ চনৰ এই দিনটোতেই চিত্ৰশিল্পী পাবলো পিকাছোৰ জন্ম হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ কাশ্মীৰ আক্ৰমণ। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ ভাৰতক সহায় প্ৰাৰ্থনা।
▶️১৯৫১ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই চীনৰ ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ।টাইৱান বহিস্কৃত।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ নেতা শ্বেখ মুজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়,তাৰ বাবে ব্যৱস্থা ল’বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক জে এম কোৱেটজীক তেওঁৰ ‘ডিছগ্ৰেছ’ নামৰ উপন্যাসৰ বাবে বুকাৰ বঁটা প্ৰদান।
▶️২০০৫ চনৰ এই দিনটোতেই আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পিপুলছ কনছালটেটিভ গ্ৰুপ (PCG) আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.