আজি ২ আগষ্ট

▶️১৯২২ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী, টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই পৰ্তুগীজৰ হাতৰ পৰা মুক্ত হৈছিল নগৰ হাভেলী।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই গাইসালত ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ-আসামৰ মুখামুখি সংঘৰ্ষত চাৰি শতাধিক লোক নিহত হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই ৰোমান্টিক কবি,’জোনাকী’ৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰ কুমাৰ আগৰৱালাৰ মৃত্যু ঘটিছিল।
▶️১৭৬৩ চনৰ এই দিনটোতেই ব্ৰিটিছ সৈন্যৰ হাতত মীৰকাছিমৰ পৰাজয়।
▶️১৮৫৮ চনৰ এই দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ গৈছিল।ভাৰতৰ সৰ্বোচ্চ শাসক তথা ৰাজপ্ৰতিনিধিৰ নামকৰণ কৰা হৈছিল ‘ভাইচৰয়’ ৰূপে।
▶️১৯৩৪ চনৰ এই দিনটোতেই জাৰ্মানীৰ একনায়ক ৰূপে আডলফ হিটলাৰৰ আত্মপ্ৰকাশ ঘটিছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই ইউৰোপত শান্তি স্থাপনৰ উদ্দেশ্যে ষ্টেলিন, ৰুজভেল্ট আৰু চাৰ্চিলৰ জাৰ্মানীৰ বাৰ্লিনত শান্তি আলোচনা।স্বাক্ষৰিত হৈছিল এখন শান্তিচুক্তি।
▶️১৯৭০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত ছোনিৰা বেলিয়াপ্পা মুথাম্মাৰ হাংগেৰীৰ ৰাষ্ট্ৰদূত ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অৰুণাচল প্ৰদেশত মুকুট মিথি চৰকাৰৰ পতন ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.