আজি ৮ ছেপ্টেম্বৰ

▶️আজি আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস।

▶️১৫০৪ চনৰ আজিৰ দিনটোতেই মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গীৰ্জাত স্থাপন কৰা হৈছিল।
▶️১৮৩০ চনৰ এই দিনটোতেই প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিস্ত্ৰালৰ জন্ম হৈছিল। ১৯০৪ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ এই দিনটোতেই প্ৰসিদ্ধ কন্ঠশিল্পী আশা ভোঁছলেৰ জন্ম হৈছিল।
▶️১৯৪৩ চনৰ এই দিনটোতেই মিত্ৰশক্তিৰ ওচৰত ইটালীৰ নিঃচৰ্ত আত্মসমৰ্পণ।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই জেনেভাত ভাৰতসহ ৩৫ খন দেশৰ কপিৰাইট সন্মিলন অনুষ্ঠিত হৈছিল।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই বিশিষ্ট অৰ্থনীতিবিদ তথা প্ৰাক্তন সাংসদ ফিৰোজ গান্ধীৰ মৃত্যু হৈছিল। ভাৰতৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী তেঁওৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ পূৱ আৰু উত্তৰ সীমান্তত চীনৰ আক্ৰমণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মমতা বেনাৰ্জী আৰু জি এন ৰামচন্দ্ৰনৰ অন্তৰ্ভুক্তিৰে বাজপেয়ী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।।

You might also like
Leave A Reply

Your email address will not be published.