উত্তৰ আফ্ৰিকাৰ লিবিয়াত মহাপ্ৰলয়!

ষ্টৰ্ম ডেনিয়েলৰ প্ৰকোপত সংঘটিত হোৱা প্ৰচণ্ড ধুমুহা-বানত স্তদ্ধ লিবিয়াৰ জনজীৱন

ইণ্টাৰনেচনেল ডেস্ক:

ত্তৰ আফ্ৰিকাৰ লিবিয়াত মহাপ্ৰলয়। ষ্টৰ্ম ডেনিয়েলৰ প্ৰকোপত সংঘটিত হোৱা প্ৰচণ্ড ধুমুহা-বানত স্তদ্ধ লিবিয়াৰ জনজীৱন। এতিয়ালৈ মহাপ্ৰলয়ত নিহত ২ হাজাৰৰো অধিক লোক। আনহাতে সন্ধানহীন হৈছে ৫ হাজাৰৰো অধিক লোক।দুৰ্যোগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে উপকূলীয় চহৰ ডেৰ্না। মথাউৰি ধ্বংস হোৱাৰ ফলত সৃষ্টি হৈছে জলপ্ৰলয়ৰ। বানৰ প্ৰচণ্ড সোঁতত উটি-ভাহি গৈছে ঘৰ-দুৱাৰ, যান-বাহন। সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ পৰিমান বা মৃত্যুৰ সংখ্যা এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই।দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ওছামা হামাদে । ইতিমধ্যে ৩ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.